অনিল কাপুৰ অসুস্থ ! কি হৈছে অনিল কাপুৰৰ, জাৰ্মানীত কিয় আছে এতিয়া?
বলীউড অভিনেতা অনিল কাপুৰ বৰ্তমান জাৰ্মানীত আছে ৷ জাৰ্মানী ভ্ৰমণৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছে বলিউডৰ চিৰ তৰুণ অভিনেতাজনে ৷ ভিডিঅ’টোত, অনিল কাপুৰে প্ৰকাশ কৰিছে যে আজি তেওঁৰ চিকিৎসাৰ অন্তিম দিন। আৰু তেওঁ এজন চিকিৎসকৰ ওচৰলৈ যাব।
ভিডিঅ’টোত অনিলক ক’লা টুপী আৰু ক’লা ট্ৰাউজাৰৰ সৈতে এটা ক’লা কোট পিন্ধা দেখা গৈছে। ভিডিঅ’টোৰ শিৰোনামটোত অনিল কাপুৰে লিখিছিল, “বৰফৰ ওপৰত নিখুঁত খোজ কঢ়া। জাৰ্মানীত অন্তিম দিন। মই মোৰ অন্তিম চিকিৎসাৰ বাবে ডক্টৰ মুলাৰক লগ কৰিবলৈ গৈ আছো। তেওঁৰ আৰু তেওঁৰ যাদুকৰী স্পৰ্শৰ বাবে ধন্যবাদ।