বিজেপিৰ মিত্ৰ অগপৰ সাংগঠনিক আৰু নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছেনে ? কি হ’ল অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ?
সন্মুখত আহি আছে লোকসভা নিৰ্বাচন ৷ বি জে পিৰ মিত্ৰ হিচাপে কিমান স্বতন্ত্ৰ অ গ প? বিজেপিৰ আগ্ৰাসনত অগপ ৷ এনে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ আহিছে অসম গণ পৰিষদ দল ৷ এনেহৰাজনৈতিক প্ৰশ্নৰ মাজতে এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা শনিবাৰে অনুষ্ঠিত কৰে অগপই ৷ দলোৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হোৱা সভাত সমাগত পৌৰ সভা, পৌৰ নিগম ৰ নিৰ্বাচন সম্পৰ্কে বিস্তৃত ভাবে আলোচনা কৰি দুখনকৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতি গঠন কৰে অগপই ৷ লগতে, পূৰ্বে গঠন কৰা লোকসভা সমষ্টি ভিত্তিক সমিতিক স্থানীয়ভাৱে নিৰ্বাচনী ৰণকৌশল গ্ৰহণ কৰাৰ লগতে সাংগঠনিক তৎপৰতা ক্ষিপ্ৰ কৰাতো গুৰুত্ব আৰোপ কৰা হয় ৷ পৌৰ সভা এলেকা ভিত্তিত একোখন নিৰ্বাচনী সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
