Daily Time Axom

১২ৰ পৰা ১৫ লাখলৈ গাঁওবুঢ়া চাকৰিৰ বজাৰ ৷ উপায়ুক্তক তলৱ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ

0 8

অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক গ্ৰেপ্তাৰৰ পিছত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ তদন্তত পোহৰলৈ আহিছিল গাঁবুঢ়াৰ চাকৰিৰ বাবে ১০/১৫ লাখ টকা লেন-দেনৰ কথা ৷
গাঁওবুঢ়া নিযুক্তিত ব্যাপক কেলেংকাৰি সন্দৰ্ভত মানকাচাৰৰ উপায়ুক্ত আতিকা চুলতানাক মুখ্যমন্ত্ৰী তদাৰকী শাখাই আজি ১০ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া ৷ এই কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী শাখাত ৫/২১ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে।

উল্লেখ্য যে ADC ছাইবুৰ ৰহমান গোচৰটোত গ্ৰেপ্তাৰ হৈ বৰ্তমান কাৰাগাৰত আছে ৷ উৎকোচ লৈ গাঁওবুঢ়া নিযুক্তি প্ৰদানৰ অভিযোগ আতিকা-ছাইবুৰৰ বিৰুদ্ধে ৷ উল্লেখযোগ্য যে বঞ্চিত একাংশ গাঁওবুঢ়াই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত দিয়া গোচৰৰ ভিত্তিতে আজি আতিকা চুলতানাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হয় ৷

Leave A Reply

Your email address will not be published.