Covid-19 ৰ নতুন শক্তিশালী ভেৰিয়েন্ট : হয়তো ভেকচিনেও ৰক্ষা কৰিব নোৱিৰব সংক্ৰমণৰ পৰা ৷ শংকিত বিশ্ব স্বাস্থ্য সংস্থা ৷
কোভিড-১৯ৰ নতুন অতিশালী ভেৰিয়েন্টে বিপদৰ আশংকাত কঁপনি তুলিছে সমগ্ৰ বিশ্বত । দক্ষিণ আফ্ৰিকাত শেহতীয়াভাৱে পোৱা ক’ৰোনা ভাইৰাছৰ নতুন শক্তিশালী ৰূপ বি.১.১.৫২৯ য়ে বিশ্বত আতংক বিয়পাইছে। ইয়াৰ নাম দিয়া হৈছে ওমিকৰ্ণ ৷
WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে ৷ ইফালে দিল্লী এইমছৰ এগৰাকী চিকিৎসকেও এই নতুন ভাইৰাছক চিন্তাজনক আখ্যা দিছে ৷ চিকিৎসকজনৰ দাবী যে এই ক’ৰোনা ভাইৰাছে মানুহৰ দেহত ভেকচিনৰ ফলত যি প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হৈছিল সেই প্ৰতিৰক্ষা বেষ্টনী সহজেই ভেদ কৰি মানুহক আক্ৰমণ কৰিব পাৰিব এই নতুন ভেৰিয়েন্টবিধে ৷
এইমচৰ চিকিৎসক সঞ্জয় ৰায়ৰ মন্তব্য যে, “ এইটো ক’ৰোনাৰ নতুন ৰূপ ৷ আমি এতিযা অধিক ধৈৰ্যশীল হ’ব লাগিব ৷ এই নতুন ৰূপৰ সংক্ৰমণ ৰোধৰ আমাৰ ক্ষমতা কিমান আছে সেয়া জানিবলৈ এতিয়াও বাকী আছে ৷ সেয়ে শংকা কৰা হৈছেে ভেকচিনে দিয়া প্ৰতিৰোধকো অসাৰ কৰি পেলাব পাৰে এই নতুন ওমিকৰ্ণ নামৰ ক’ৰোনা ভাইৰাছবিধে ৷ সেয়ে বিষয়টো অতিশয় উদ্বেগজনক ৷“
আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সকলে সদৰি কৰিছে, কমেও ৫০ বাৰ জিনীয় বিন্যাস সলনি আৰু ৩২ বাৰ স্পাইক প্ৰ’টিনৰ চৰিত্ৰ বদলি কৰি সৃষ্টি হোৱা এই নতুন ক’ৰোনা ভাইৰাছ বিধ ডেল্টা ভেৰিয়েন্টতকৈয়ো শক্তিশালী ৷ WHO য়ে শেহতীয়াভাৱে এই নতুন ভাইৰাছক লৈ কেইবালানিও বৈঠকত বহিছে ৷
আনহাতে, বাহিৰৰ দেশৰ পৰা ভাৰতলৈ অহা প্ৰতিজন পৰ্যটক আৰু দেশৰ লোকক ক’ভিড পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ৷
WHOৰ বিষয়া মাৰিয়া ভেন কাৰখোভে মন্তব্য কৰিছে যে, “এই নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ বিষয়ে বিস্তৰ অধ্যয়ন এতিয়াও বাকী ৷ কিন্তু এতিয়ালৈ যিখিনি জনা গৈছে তাৰ পৰা নিশ্চিতভাৱে জানিব পৰা গৈছে যে যিমানেই মিউটেশ্বন হ’ব সিমানেই ভাইৰাছটোৰ শক্তি বৃদ্ধি পায় ৷ মানুহৰ মাজত ইয়াৰ ভয়ংকৰ দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পাৰি এই নতুন ৰূপৰ ওমিকৰ্ণ ক’ৰোনাই ৷ সেয়ে ভাইৰাছবিধ বিশ্বৰ বাবে ভয়ংকৰ বিবেচিত হৈছে ৷