কৰিমগঞ্জত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন সৰবৰহকাৰী বিএছ এফৰ জালত ৷
ৰাজ্যত আকৌ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে ৷ কৰিমগঞ্জৰ ৰাতাবাৰীত বি এছ এফে এই ড্ৰাগছখিনি কৰিবলৈ সক্ষম হৈছে ৷ আটক কৰা হৈছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। মিজোৰামৰ পৰা অসমলৈ আনি থকা অৱস্থাত ৰাতাবাৰীত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱাৰ জি শাখা আৰু ১৩৪ ব্যেটেলিয়ানে প্ৰায় চাৰি কোটি টকা মূল্যৰ হিৰ’ইনখিনি জব্দ কৰে ৷ পিছত আৰক্ষীৰ হাতত গতাই দিয়া হয় আটকাধীন সৰবৰাহকাৰী তিনিটাক ।
মিজোৰামৰ পৰা ছোট ভূবিৰবন্দ সীমান্ত পাৰ কৰি অসমত প্ৰৱেশৰ পিছতে নিভিয়া বজাৰ নামৰ অঞ্চলত ৬০৫ গ্ৰাম ওজনৰ হিৰ’ইন জব্দ কৰে । আন্তৰ্জাতিক বজাৰত জব্দ হোৱা হিৰ’ইন খিনিৰ মূল্য অনুমানিক চাৰি কোটি টকা হব বুলি বি এছ এফৰ সূত্ৰই সদৰি কৰিছে ৷ 12 D 1969 নম্বৰৰ এখন অল্টো গাড়ীৰ পৰা ড্ৰাগছখিনি জব্দ কৰে বি এছ এফে ৷
আন্তঃৰাজ্যিক ড্রাগছ মাফিয়া চক্ৰই ৰাতাবাৰীৰ ছোট ভূবিৰবন্দ সীমান্তক ড্রাগছ কৰিডৰ ৰূপে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে ৷ সীমান্ত আনিপুৰ জামুয়াং পথেৰে ৰাজ্যত ড্রাগছ সৰবৰাহ কৰি আহিছে স্মাগলাৰ চক্ৰই ৷ এই তথ্য লাভ কৰিছিল বি এছ এফৰ চোৰাংচোৱাই । শনিবাৰেও বি এছ এফে লাভ কৰে ড্ৰাগছ সৰবৰাহৰ এক নিশ্চিত খবৰ ৷
এই তথ্য লাভৰ পিছৰে পৰা শনিবাৰে পুৱাৰ পৰাই সাধাৰণ সাজপাৰত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা শাখা আৰু ১৩৪ ব্যেটেলিয়ান আনিপুৰ জামুয়াং পথত চোপ লৈ থাকে।
ড্রাগছ সৰবৰাহৰ লগত জড়িত তিনিজনৰ দুজনৰ মিজোৰাম আৰু এজনৰ অসমত ঘৰ ৷ মিজো লোক দুজন হ’ল লালথাঙা আৰু জোৰাম মাওয়াইয়া ৷ অসমৰ ড্ৰাগছ সৰবৰহকাৰীজনৰ নাম জামিল আহমেদ ৷
