Daily Time Axom

নিদাৰুণ, শোকাৱহ ! ১৮ জন শ্মশানযাত্ৰীৰ পথ দুৰ্ঘটনাত মৃত্যু।

0 12

সঁচাকৈয়ে এক হৃদয় বিদাৰক ঘটনা ৷
শ্মশানলৈ এজনৰ শৱদেহ লৈ গৈ থাকোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকীয়ে প্ৰাণ হেৰুৱালে ৷

শনিবাৰে নিশা পশ্চিমবংগৰ নাদিয়া জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা ৷ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী শ্মশান যাত্ৰাত ভাগ লোৱা লোকৰ কৰুণ মৃত্যু ঘটে আৰু আন ৫ জন গুৰুতৰভাৱে আহত হয়।

উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা ২৩ জনতকৈও অধিক লোকে মৃতদেহ লৈ নৱদ্বীপ শ্মশানলৈ গৈ আছিল ৷ প্ৰত্যক্ষদৰ্শীৰ মতে হাঞ্চখালি আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীত মৃতদেহ লৈ যোৱা গাড়ীখনে পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলতে এই পথ দুৰ্ঘটনাটো ঘটে । ঘন কুঁৱলী আৰু বাহনখনৰ দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ ৷

Leave A Reply

Your email address will not be published.