বৰাকত অসমীযা ভাষাৰ প্ৰতি বিদ্বেষ বিয়পোৱা চক্ৰৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে ৷ শনিবাৰে সম্পূৰ্ণ ৮ঘন্টা জোৰা জেৰাৰ অন্তত কাচাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত নেতাজনক। শেহতীয়াভাৱে শিলচৰত অসমীয়াত লিখা চৰকাৰী হৰ্ডিং বিতাড়ন কাণ্ড প্ৰসংগত গ্ৰেপ্তাৰ কৰা হৈছে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপক ৷
হিন্দু যুৱ পৰিষদে দাখিল কৰা এখন এজাহাৰৰ ভিততিত কাচাৰ আৰক্ষীয়ে দত্তক গ্ৰেপ্তাৰ কৰিছে ৷ প্ৰথমে তেঁওক সোধ পোচৰ বাবে থানালৈ মতা হয় আৰু প্ৰায় ৮ ঘনটা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ৷ শেহতীয়া পোষ্টাৰ বিতৰ্কত স্পষ্টভাৱে জড়িত থকাৰ প্ৰমাণ পোৱাৰ পিছতে আই কি চি ১৫৩,২৯৫,১২৪,৫০৫, ৫০৬ ধাৰাত অসমীয়া ভাষাৰ প্ৰতি বিদ্বেষ বিয়পোৱা চক্ৰ কাণ্ডাৰী দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰা হয় ৷
প্ৰদীপ দত্ত ৰয়ে শিলচৰৰ এটা পেট্ৰ’ল পাম্পত লগোৱা এখন অসমীয়া ভাষাৰ হৰ্ডিংআ্তৰাবলৈ ৪৮ ঘন্টা সময়ৰ চৰমসীমা বান্ধি দিছিল ৷ তাৰ ৩০ ঘন্টাৰ ভিতৰতে গোস্বামী ফিলিং ষ্টেচনৰ কৰ্তৃপক্ষই ভয়তে নিজেই হৰ্ডিং খন আঁতৰাই দিব লগা হৈছিল ৷
গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰদীপ দত্ত ৰয়ে তেঁওৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ বুলি কৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সহায় ভিক্ষা কৰে ৷ ৰয়ৰ অভিযোগ তেঁওক হত্যা কৰিব খোজা হৈছে ৷
আনহাতে শনিবাৰৰ দুপৰীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব বুলি ইংগিত দিছিল এখন সংবাদমেলত ৷ তাৰ কেই ঘন্টামানৰ পিছত গ্ৰেপ্তাৰ হ’ল দত্ত ৰয় ৷ দেওবাৰে বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷