Daily Time Axom

এটা চাউলত ৪খন দেশৰ পতাকা আঁকি কলিয়াবৰৰ ছা্ত্ৰীৰ অভিলেখ

0 20

এটি ক্ষুদ্ৰ চাউলত চাৰিখন ৰাষ্ট্ৰৰ চাৰিখন ৰঙীন পতাকা অংকন কলিয়াবৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ৷ এই কলাৰ জড়িয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে প্ৰতিভা মহিলাং নামৰ ছাত্ৰীগৰাকী ৷ এই নৱেম্বৰ মাহত তেওঁক ইণ্ডয়া বুক অফ ৰেকৰ্ডছ কৰ্তৃপক্ষই এই সন্মান প্ৰদান কৰে।এটা চাউলত ভাৰত,বাংলাদেশ,ইণ্ডোনেছিয়া আৰু জাপান এই চাৰিখন দেশৰ পতাকা অংকন কৰি ভাৰতীয় অভিলেখৰ গৰাকী হয় প্ৰতিভা । তেওঁ বৰ্তমান প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। কলিয়াবৰৰ দলগাঁৱৰ মানদাস সৎনামী আৰু অনিমা সৎনামী জ্যেষ্ঠা কন্যা প্ৰতিভা ।

Leave A Reply

Your email address will not be published.