চাইকেল চলাই গৈ হাস্পতালত সন্তান প্ৰসৱ সাংসদৰ
এখন দেশৰ এগৰাকী সাংসদ এতিয়া বিশ্বত বাৰুকৈয়ে চৰ্চিত হৈছে ৷ চাইকেল চলাই গৈ হাস্পতালত উপস্থিত হৈ জন্ম দিলে সাংসদ গৰাকীয়ে ৷ নিউজেলেণ্ডৰ এই গৰাকী সাংসদৰ ব্যতিক্ৰমী এই কৰ্মই এতিয়া সামাজিক মাধ্যম আৰু বাতৰিৰ শিৰোনাম যোগে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।
নিউজেলেণ্ডৰ এই সাংসদ গৰাকীৰ নাম জুলি এনি জেন্টাৰ। নিউজিলেণ্ডৰ সময় অনুসৰি দেওবাৰে পুৱতি নিশা ৩ বজাত জুলিয়ে সন্তান জন্ম দিয়ে ৷ জন্ম দিয়াৰ আগ মুহূৰ্ত্বত তেঁও প্ৰসৱ বেদনা সত্বেও চাইকেল চলাই হাস্পতালত উপস্থিত হয় ৷ সাংসদ গৰাকীৰ এয়া দ্বিতীয় সন্তান ৷ প্ৰথম সন্তানৰ ক্ষেত্ৰতো তেঁও একেদৰেই প্ৰসৱৰ বিষ অহাৰ পিছতেই চাইকেল চলাই হাস্পতালত সন্তান জন্ম দিছিলগৈ ৷