পাকিস্তানৰ সৈতে খেলত পূৰ্বৰেপৰা ভয় খাই থাকে ভাৰতীয় ক্ৰিকেটাৰ…” – ভাৰতীয় ক্ৰিকেটাৰক লৈ ইনজামাম উল হকৰ মন্তব্য
ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনৰ কেঁচা ঘাঁত চেঙা তেল ঢালিছে পাকিস্তানী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে ৷
ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট খেল বুলিলেই যেন প্ৰকৃততে দুই দেশৰ সমৰ্থকৰ মাজত এখন অঘোষিত মানসিক যুদ্ধহে চলে ৷ এইবাৰ দুই দেশৰ খেল হ’লে ভাৰতীয় ক্ৰিকেটাৰৰ বডী লেংগুৱেজক লৈ মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট তাৰকা ইমজামাম উল হকে ৷ ইমজামামৰ মতে, শেহতীয়া টি-২০টি-২০ৰ মেচখনত ভাৰতৰ বিৰাট কোহলী আৰু পাকিস্তানৰ বাবৰ আজমে টছ কৰোতেই ভাৰতৰ তীব্ৰ মানসিক চাপ প্ৰকট হৈ পৰিছিল ৷
’“খেলখনত ভাৰতীয় খেলুৱৈ সকল পাকিস্তানৰ সৈতে খেল আৰম্ভ নহওতেই আতংকত ভুগিছিল ৷ পাকিস্তানৰ খেলুৱৈ সকলৰ বডী লেংগুৱেজ ভাৰতীয় দলটোতকৈ বেছি আত্ম বিশ্বাসী আছিল ৷“
লগতে পাক প্ৰাক্তন বিশেষজ্ঞ ক্ৰিকেটাৰ জনে কয় যে, দুই দেশৰ ক্ৰিকেট মেচ হ’লে প্ৰায়েই ভাৰত এই দশা পূৰ্বৰে পৰা হৈ আহিছে ৷
পাকিস্তানৰ হাতত টি-২০ত শোচনীয় পৰাজয়ৰ বেদনা ভাৰতীয় সকলে লাহে লাহে পাৰিবলৈ লৈছিলহে ৷ ইমজামাম উল হকে সঁচাকৈয়ে এই মন্তব্যৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনৰ কেঁচা ঘাঁত চেঙা তেল ঢালিছে ৷