Daily Time Axom

মাইক্ৰ’-ফাইনেন্স ঋণৰ ৰেহাই ধন মুকলি পৰ্ব আৰম্ভ

0 15

মাইক্ৰ’ ফাইনেন্সৰ ঋণগ্ৰস্ত সকললৈ ৰেহাইৰ ধন প্ৰদান কাৰ্য আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷ বিগত বিধান সভা
নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি দেওবাৰে অসম চৰকাৰে মাইক্ৰ-ফাইনেন্স ঋণৰ ৰেহাই দিয়াৰ প্ৰথমটো শিতান ৰাইজৰ বাবে মুকলি কৰি দিছে । এই উপলক্ষে তেজপুৰত এক অনুষ্ঠান আয়োজন কৰা হয় ৷

অসম মাইক্র-ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি, ২০২১ ৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাই তেজপুৰত ক্ষিপ্র আদায়কাৰী শিতানৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে।

নিয়মীয়া ঋণ পৰিশোধকাৰী সকলক ২৫,০০০টকা অথবা মুঠ অনাদায় ঋণৰ যিটোৱেই কম, সেই পৰিমাণৰ উদগনিমূলক সাহায্য প্ৰদান কৰা হয়।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বাকী দুটা পৰ্যায়ৰ হিতাধিকাৰীক পর্যায়ক্রমে সকাহ প্রদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.