মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে অবৈধ কয়লাৰে ভৰ্তি এখন মাৰুতি ভান আটক কৰে।
বাহনখনৰ ভিতৰত মুঠ আঠ বস্তা কয়লা উদ্ধাৰ কৰা হৈছিল। আটক কৰা লোক দুজনক জয়নগৰৰ বাসিন্দা লিবিয়ান গগৈ (৩০) আৰু মাৰ্ঘেৰিটাৰ ষ্টেচন পেৰাৰ বাসিন্দা কৃষ্ণা কে টি দেব (৩২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে, মাৰ্ঘেৰিটা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ অবৈধ ব্যৱসায়ীসকলে বালি, সেউজীয়া চাহ পাত আৰু তক্তাৰে লুকুৱাই অবৈধভাৱে কয়লা ব্যৱসায় চলাই আহিছে।