Daily Time Axom

আহি পালে নগালেণ্ডৰ হৰ্ণবিল উৎসৱ, পৰ্যটকৰ বাবে সাজু কিছামা ভিলেজ

0 6

সাম্প্ৰতিক নগালেণ্ডৰ অন্যতম উৎসৱ হৰ্ণবিল উৎসৱ। নাগা সকলৰ সমাজ-সংস্কৃতি আৰু ঐতিহ্যৰ মেটমৰা প্ৰদৰ্শনীৰ প্ৰাণ কেন্দ্ৰ হৈ পৰে হৰ্ণবিল উৎসৱ ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকেৰে ভৰি পৰে কিছামা ভিলেজ ৷ পৰ্যটকক আকৰ্ষিত কৰিবলৈ প্ৰতি বছৰে নগালেণ্ডত এই উৎসৱটি আয়োজন কৰা হয়। ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হোৱাৰ লগে লগে নগালেণ্ড চৰকাৰে এইবাৰ আকৌ হৰ্ণবিল Festival প্রস্তুতি চলোৱা আৰম্ভ কৰিছে।

নগালেণ্ডৰ পৰ্যটন, কলা আৰু সংস্কৃতি বিভাগে হৰ্ণবিল উৎসৱৰ আয়োজন কৰে। ২০০০ চনৰ পৰা ই প্ৰতি বছৰে ১ ৰ পৰা ১০ ডিচেম্বৰত কোহিমা চহৰৰ পৰা ১২ কিলোমিটাৰ দূৰত থকা নাগা হেৰিটেজ ভিলেজ কিছামাত আয়োজন কৰা হয়৷ ভাৰতীয় ধনেশ চৰাইৰ নামৰে হৰ্ণবিল উৎসৱ বুলি কোৱা হয়৷ ধনেশ চৰাইৰ ঠাই নগা জনজাতিৰ সংস্কৃতি আৰু লোককাহিনীৰ এক অতি গুৰুত্বপূৰ্ণ উৎসৱ৷ ।

এই উৎসৱৰ সময়ত, দৰ্শকে নাগা খাদ্য, সংগীত, নৃত্য, ৰীতি-নীতি, নাগা সংস্কৃতি শিকাৰ আৰু অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায়। তাত নাগাসকলৰ হস্তশিল্পয়ো প্ৰাধান্য পায় । নাগাসকলে এই উৎসৱক অতি পৱিত্ৰ বুলি গণ্য কৰে, সেয়েহে নাগাসকলৰ প্ৰতিটো গোষ্ঠীয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব বিচাৰে৷

Leave A Reply

Your email address will not be published.