কংগ্ৰেছত অসমীয়াক বেয়াকৈ কোৱাৰ প্ৰতিযোগিতা চলিছে: মন্ত্ৰী পীযুষৰ
অৱশেষত গ্ৰেপ্তাৰ হৈ কাৰাগাৰৰ আলহী হ’ল বিতৰ্কিত অসমীয়া-বাঙালীৰ মাজত বিষ বাষ্প বিয়পাবলৈ ষড়যন্ত্ৰ কৰা নেতা প্ৰদীপ দত্ত ৰয়। তেঁওৰ গ্ৰেপ্তাৰক লৈ বৰাকত অব্যাহত আছে প্ৰতিবাদ। সোমবাৰে পুৱা হাইলাকান্দিৰ আলগাপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছে বৰাক ডেভেলপমেন্ট পৰিষদে। কংগ্ৰেছৰ বৰাকৰ বিধায়ক থা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থয়ো প্ৰদীপ দত্ত ৰয়ক মুকলি সমৰ্থন কৰিছে ৷
ইয়াকে লৈ এতিয়া অসুবিধাত পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷ সংবাদমেলৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছক ৷ হাজৰিকাই কৈছে, এতিয়া কংগ্ৰেছত অসমীয়াক বেয়াকৈ কোৱাৰ প্ৰতিযোগিতা চলিছে। প্ৰদীপ দত্ত ৰয়ৰ প্ৰসংগত কংগ্ৰেছক বহুকেইটা প্ৰশ্ন তুলিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তদুপৰি প্ৰদীপ দত্ত ৰয়ৰ প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ভূপেন বৰা,দেবব্ৰত শইকীয়াক প্ৰশ্ন কৰিছে- “কমলাক্ষ ডে পুৰকায়স্থই ভাল কৰিছে নে বেয়া কৰিছে কওক? কংগ্ৰেছত এতিয়া প্ৰতিযোগীতা হৈছে অসমীয়াক গালি পৰা। কিছুদিন আগতে শ্বেৰমান আলীয়ে অসমীয়াক গালি পাৰিছিল। এতিয়া পুনৰ এজন কংগ্ৰেছী নেতাই অসমীয়া সন্দৰ্ভত বেয়াকৈ কোৱাৰ কাৰণ কি আৰু অসমীয়া মানুহ বৰাকত নিষিদ্ধ নেকি ?“ বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে।