Daily Time Axom

কিয় কৰীনাৰ ভৰি ধোৱাই দিছিল বিগ বি অমিতাভে

0 7

১৯৮৩চন, পুকাৰ চিনেমাখন মুকলি কৰা হৈছে তেতিয়া ৷ অমিতাভ বচ্চন আৰু ৰণধীৰ কাপুৰ অভিনীত সেইখন আছিল চুপাৰহিট চলচ্চিত্ৰ। সেই ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত এটা আচৰিত ঘটনা সংঘটিত হৈছিল। অমিতাভে ঘটনাটো তেওঁৰ ব্লগত লিখিছিল।

মাৰ-পিটৰ দৃশ্য এটাৰ গোৱাত দৃশ্যগ্ৰহণ কৰা হৈছিল। ৰণধীৰৰ সৰু জীয়েক কৰীণা কাপুৰো উপস্থিত আছিল । অমিতাভে সেই সময়ত তেওঁৰ দেউতাকক প্ৰহাৰ কৰিছিল। সৰু কৰীণাই চকুপানী বোঁৱাই দৌৰি যায় আৰু তাইৰ দেউতাকক সুৰক্ষা দিবলৈ চেষ্টা কৰে। তাই দেউতাকক এজন ‘দুষ্ট মানুহ’ৰ পৰা বচাবলৈ তেওঁক সাৱটি ধৰিছে। বালিত ভৰিবোৰ লেতেৰা হৈ পৰিছিল ।
সেই সময়ত, কৰীণাৰ ‘দুষ্ট ব্যক্তি’ ওৰফে অমিতাভে দৃশ্যগ্ৰহণ বন্ধ কৰি বেবোৰ কাষ চাপি পানীৰে ভৰি ধোৱাই দিছিল। তেওঁ কৰীণাক এনেদৰে বুজাইছিল যে ৰণধীৰক প্ৰহাৰ কৰাটো সঁচা নহয়, মিছাহে। এয়া সকলো ভুৱা, অভিনয়। শ্বাহেনশ্বাহৰ ভাষাত, “ভৰি ধোৱাৰ পিছত, এনে লাগে যে কৰীণাৰ ধাৰণাটো অলপ সলনি হৈছিল। সৰু কৰীণাই বুজি পোৱা যেন লাগিছিল যে মই বেয়া নহয়। কৰীণাই এতিয়াও সেই ঘটনাটো মনত ৰাখিছে। ”

Leave A Reply

Your email address will not be published.