ভাৰত মানে হিন্দু, হিন্দু মানে ভাৰত: RSS নেতা মোহন ভাগৱতৰ মন্তব্য
আজিও, ভাৰতত হিন্দুসকল য’তেই দুৰ্বল, তাতেই দেশৰ অখণ্ডতাক প্ৰশ্ন আহি পৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূৰব্বী মোহন ভাগৱতে কয় যে ভাৰতৰ আত্মাৰ সৈতে হিন্দুত্বৰ সম্পৰ্ক অনস্বীকাৰ্য্য। তেওঁ অনুভৱ কৰে যে ব্ৰিটিছ ৰাজ শক্তিয়ে ভাৰতৰ ইতিহাস পুনৰ লিখিছে। শনিবাৰে গোৱালিয়ৰত অনুষ্ঠিত এক বৈঠকত আৰ এছ এছৰ মুৰব্বীজনে কয় যে ভাৰতৰ অখণ্ডতা বৰ্তমান হ্ৰাস পাইছে।
ভাগৱতে কয় যে ব্ৰিটিছসকল আহি ভাৰতৰ পুৰণি ইতিহাস ধ্বংস কৰিলে আৰু নতুন ইতিহাস সৃষ্টি কৰিছে। আমি সেই পুৰণি পৰম্পৰাৰ ইতিহাস পুনৰুদ্ধাৰ কৰিব লাগিব। আৰ এছ এছ ৰ মুৰব্বীয়ে দাবী কৰিছে যে শক্তিশালী সমাজৰ বাবে এক শক্তিশালী হিন্দুত্বৰ প্ৰয়োজন।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাগৱতে মন্তব্য কৰে যে ভাৰত মানে হিন্দু, হিন্দু মানে ভাৰত।