Daily Time Axom

মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ আৰম্ভ কৰিলে ড° হিমন্তবিশ্ব শৰ্মাই ৷ ২০২৫ৰ নৱেম্বৰত কৰিব দলং উদ্বোধন ৷

0 7

অৱশেষত দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত মাজুলীবাসীৰ ৷ মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি হ’ল মঙলবাৰে । মাংগলিক অনুষ্ঠানৰ মাজেৰে নতুন দলঙৰ খুঁটা নিৰ্মাণৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নতুন দলঙৰ খুঁটা নিৰ্মাণৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীক পুনৰ দিলে প্ৰতিশ্ৰুতি ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীবাসীক উদ্দেশ্যি কয় যে,- “মাজুলী-যোৰহাট সংযোগী দলং হ’বই। আজিৰে পৰা দুৰন্ত গতিত চলিব নিৰ্মাণৰ কাম । যদিহে ক’ভিড বা আন মহামাৰীয়ে দেখা নিদিয়ে তেন্তে ২০২৫ৰ নৱেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব দলঙখন।”

আনহাতে বহু জল্পনা-কল্পনাৰ অন্তত মাজুলী-যোৰহাট দলঙখনৰ কামৰ আৰম্ভণিক লৈ উৎসাহী দেখা গ’ল মাজুলীবাসীক ৷

  • দলংঙখন নিৰ্মাণৰ বাবে ৯২৫.৪৭ কোটি টকা অনুমোদন জনোৱা হৈছে।

*মূল দলঙৰ দৈৰ্ঘ ৫০০০ মিটাৰ ।

  • দলঙখনৰ সংযোগী পথসহ মুঠ দৈৰ্ঘ্য হ’ব ৮০২৫মিটাৰ ।
  • লক্ষ্ণৌৰ ইউ পি ষ্টেট ব্ৰীজ্ ক’ৰ্পৰেচন লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলঙখন।
  • নিৰ্মাণৰ নিৰ্ধাৰিত সময় ৪৮ মাহ।
    অৰ্থাৎ ২০২৫ চনৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব নিৰ্মাণ কাৰ্য ৷
Leave A Reply

Your email address will not be published.