অনিমেষ হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাসহ ১৩টা নৰপশুক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অনিমেষ ভূঞাৰ হত্যাৰ সৈতে জড়িত অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাক। যোৰহাটৰ বৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নীৰজ দাসক ।

নৃশংস ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল নীৰজ দাস। আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত ১৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে ঘটনাত লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৫০ গৰাকীৰো অধিক লোক জড়িত আছিল বুলি প্ৰকাশ পাইছে। আনহাতে গ্ৰেপ্তাৰ হোৱা নীৰজেই অনিমেষক চোঁচৰাই টানি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল বুলিও জানিব পৰা গৈছে ।প্ৰকাশ পোৱা মতে ৯০ৰো অধিক গোচৰ আছে ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ বিৰুদ্ধে। নীৰজ দাসৰ পৰা পূৰ্বে উদ্ধাৰ হৈছিল পিষ্টল লগতে ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত আছে এই কুখ্যাত নিৰজ দাস।

Comments (0)
Add Comment