কলকাতা নাইট ৰাইডাৰ্ছে দুজন আই পি এল অধিনায়কক অব্যাহতি দিছিল। গৌতম গম্ভীৰৰ পিছত দীনেশ কাৰ্তিক কেকেআৰৰ অধিনায়ক হৈছিল। তাৰপাছতে ইংলেণ্ডৰ ইয়ন মৰ্গান অধিনায়ক আছিল। শ্বাহৰুখ খানৰ দলে (আই পি এল ২০২২ কে কে আৰ ৰিটেনচন লিষ্ট) আগন্তুক আই পি এলৰ বাবে এই দুয়োজন ক্ৰিকেটাৰক বাদ দিছিল।
কলকাতা নাইট ৰাইডাৰ্ছৰ ৰিটেনচন তালিকা এতিয়া চূড়ান্ত। কেকেআৰে অন্তিম দলটোৰ পৰা চাৰিজন ক্ৰিকেটাৰক ধৰি ৰাখিছে। নিয়ম অনুসৰি, যিকোনো ফ্ৰেঞ্চাইজিৰ দ্বাৰা পুৰণি দলৰ পৰা মাত্ৰ চাৰিজন ক্ৰিকেটাৰক ৰাখিব পাৰি। এই চাৰিজনৰ ভিতৰত সৰ্বাধিক দুজন বিদেশী ক্ৰিকেটাৰ হ’ব পাৰে। সেই নিয়মানুসৰি দুজন ভাৰতীয় আৰু দুজন বিদেশী ক্ৰিকেটাৰক ধৰি ৰাখিছে।