গুৱাহাটীত কাইলৈৰ পৰা দুচকীয়া আৰোহীক লাগিব দুটাকৈ হেলমেট ৷ বুধবাৰৰ পৰা কঠোৰ হ’ব যান-বাহন আৰক্ষী ৷

১ ডিচেম্বৰ বুধবাৰৰ পৰা কঠোৰ হ’ব মহানগৰ যান -বাহন আৰক্ষী। দুচকীয়া বাহনৰ ক্ষেত্ৰত মানিব লাগিব এক বিশেষ নিয়ম। ইতিমধ্যে সাধাৰণ জনতাক সজাগ কৰিছে যান -বাহন আৰক্ষী ফালৰ পৰা।

বাইক তথা অন্য দুচকীয়া বাহন চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট। অৰ্থাৎ বাইকত দুজন গ’লে দুয়োজনেই পৰিধান কৰিব লাগিব হেলমেট।

এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব এক হাজাৰ টকাৰ জৰিমণা । সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবেই এই কঠোৰ পদক্ষেপ গ্ৰহণ মহানগৰ যান -বাহন আৰক্ষীৰ।

পূৰ্বৰে পৰা এই নিয়ম আছিল যদিও প্ৰশাসন কঠোৰ নোহোৱাৰ ফলত বাৰে বাৰে নিয়ম ঘোষণা কৰাৰ সময়ত এই নিয়ম মানিলেও পিছলৈ নোহোৱা হৈ পৰে। সেয়ে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ যান -বাহন আৰক্ষীৰ।

দুচকীয়া বাহনত উঠিলেই দুয়োগৰাকীয়েই পিন্ধিব লাগিব হেলমেট।

Comments (0)
Add Comment