যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ ৷ এমাহৰ ভিতৰত শ্বাৰ্জশ্বীট দিয়াৰ কথা ঘোষণা ৷

যোৰহাটত সোমবাৰে দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ যুুৱকজনে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোকপ্ৰকাশ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ইতিমধ্যে দুৰ্ভগীয়া মঙলবাৰে পুৱাই নিহত যুৱক অনিমেষৰ দেৰগাঁৱৰ ঘৰলৈ গৈ পৰিয়ালটোক সাক্ষাৎ কৰে ৷ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সদৰি কৰে মন্ত্ৰী ৰনোজ পেগুৱে ৷
পৰৱৰ্তী এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত  প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

ঘটনাত নিহত হোৱা অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ এক কালীন সহায় প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷

Comments (0)
Add Comment