Daily Time Axom

অৰুণাচল পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেডৰ ৰূপত মুন্নাভাই ৷ মেচুকাত ৰাতি কটালে সঞ্জু বাবাই ৷

0 12

অসমৰ ডিব্ৰুগড় হৈ অৰুণাচলৰ মেচুকাত সোমবাৰে ৰাতি কটালে
বলীউড অভিনেতা সঞ্জয় দত্তই ৷ অৰুণাচল পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে সঞ্জয় দত্তই । খলনায়ক অভিনেতাজনে তেওঁৰ ইনষ্টাগ্ৰামত চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল মিত্ৰা (ব্ৰেণ্ড উপদেষ্টা), ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ৰাজ্যিক বিধান সভাৰ অধ্যক্ষ পাচাং দৰ্জী সোনাৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিছে। কৃতজ্ঞতা জ্ঞাপন কৰি দত্তই লিখিছিল, “অৰুণাচল চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি হোৱাত অতি সন্মানিত!
অৰুণাচল প্ৰদেশৰ নামকৰণৰ ৫০ তম বৰ্ষ সোণালী জয়ন্তী উদযাপন উপলক্ষে দত্তক ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰা হৈছে। অৰুণাচলৰ পৰ্যটনৰ বিকাশত মুন্না ভাই সঞ্জয় দত্তৰ প্ৰমোচনে বিশেষ সহায় কৰিব বুলি আশা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.