Daily Time Axom

এতিয়ালৈকে ওমিক্ৰনৰ এটাও ঘটনা পোহৰলৈ অহা নাই ভাৰতত ; আমি সতৰ্ক ৷ সংসদত কেন্দ্ৰৰ ঘোষণা ৷

0 11

বিশ্বৰ বহুতো দেশৰ লোক ওমিক্ৰন ভেৰিয়েণ্টক লৈ আতংকিত হৈ থকাৰ সময়তে আজি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক কিছু সকাহৰ খবৰ দিছে। স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ৰাজ্যসভাত কয় যে ক’ৰোণাৰ নতুন ভাইৰাছটো পৃথিৱীৰ ১৪ খন দেশত ধৰা পৰিছে কিন্তু এতিয়ালৈকে ভাৰতত ইয়াৰ এটাও ঘটনা পোহৰলৈ অহা নাই।

পেন্দ্ৰ তৰফৰ পৰা পৰামৰ্শ জাৰী কৰা হৈছে যে যদি কোনো সন্দেহজনক ঘটনা পোৱা যায়, তেন্তে ইয়াক তৎক্ষণাৎ অনুসন্ধান কৰা হয় আৰু জিনম অনুক্ৰমো কৰা হয় ।

কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিলেও অৱশ্যে বিভিন্ন ৰাজ্যত এতিয়াও ভয়-শংকাই বিৰাজ কৰি আছে।

ইতিমধ্যে কেইবাখনো ৰাজ্য চৰকাৰে সাৱধানতামূলক ব্যৱস্থা লোৱা আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.