মঙলবাৰে অসমৰ ধনশিৰিৰ উৰিয়ামঘাটৰ ৰাজপুখুৰী গাঁৱত এক ডকাইতি কাণ্ড সংঘটিত হয়। ডকাইতিৰ ঘটনাত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত যুৱকজনক ইক্ৰামুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি, তিনিটা ডকাইটে তেওঁক আক্ৰমণ কৰিছিল যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।
তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা উৰিয়ামঘাট বজালবাৰী গাঁৱৰ নিজা গৃহলৈ গৈ আছিল। খবৰ অনুসৰি তেওঁক তীক্ষ্ণ অস্ত্ৰৰে বাটত আক্ৰমণ কৰিছিল।
দলটোৱে তেওঁক গুৰুতৰ ভাৱে আঘাত কৰি তেওঁৰ পৰা ১৫,০০০ লুটি নিয়ে।