’ওমিক্রন’ৰ বাবে পুনৰ ভেকছিন ল’ব লাগিব নেকি?
ক’ৰোনাক্ৰান্ত গোটেই পৃথিৱীখন ইতিমধ্যে অলপ শান্ত হৈছিলহে মাত্ৰ । আকৌ আৰম্ভ হ’ল হাহাকাৰ ৷ ক’ৰোনাৰ বাবে আনকি শ্বেয়াৰ বজাৰো খহি পৰিছে এতিয়া । দক্ষিণ আফ্ৰিকাত ক’ৰোনাৰ নতুন প্ৰজাতি চিনাক্ত হ’ল- ‘বি.1.1.529’। যাৰ নাম ওমিক্ৰন। তাৰ পিছত, ই ৯ পৰা ১৬ খন দেশলৈ এতিয়া বিয়পি পৰিছে। ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে, এই নতুন প্ৰজাতিৰ কৰোনাৰ বিৰুদ্ধে কোভিড ভেকছিন কিমান কাৰ্যকৰী? তাৰ ওপৰত গৱেষণা আৰম্ভ হৈছে।
ইয়াৰ মাজতে, মডাৰ্ণা কোম্পানীয়ে আশাৰ এক কথা কৈছে । কোভিড ভেকছিন নিৰ্মাতা মডাৰ্ণাই কৈছে যে প্ৰয়োজন হ’লে তেওঁলোকে অহা বছৰৰ আৰম্ভণিতে ওমিক্ৰন ভেকছিন মুকলি কৰিবলৈ সক্ষম হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও এই পৰিস্থিতিত দিল্লীত আলোচনা কৰি আছে। টিকাকৰণৰ বিষয়টো মুখ্যতঃ আলোচনালৈ আহিছে। ওমিক্ৰন সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ টিকাকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড টাস্ক ফ’ৰ্চৰ অধ্যক্ষ এন কে অৰোৰাই কয় যে বুষ্টাৰ পালিৰ ওপৰত নীতি কি হ’ব, যাক বুষ্টাৰ পালিৰ প্ৰয়োজন, দুসপ্তাহৰ ভিতৰত দিয়া হ’ব। তেওঁ আৰু কয় যে বিভিন্ন দেশে ওমিক্ৰন সংক্ৰমণৰ বিষয়ে সতৰ্কবাণীৰ বাবে বিমান চলাচল নিষিদ্ধ কৰিছে। ভাৰতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ১২ ৰ পৰা ১৮ বছৰীয়া শিশুৰ টিকাকৰণৰ বাবেও এক পৰিকল্পনা প্ৰস্তুত কৰি আছে। দেশত ১৮ বছৰৰ তলৰ লোকৰ সংখ্যা ৪৪ কোটি । বিজ্ঞানীসকলেও ওমিক্ৰন প্ৰতিৰোধ কৰিবলৈ টিকাকৰণৰ ওপৰত বাৰে বাৰে গুৰুত্ব আৰোপ কৰিছে ।