গুৱাহাটীৰ সৰুসজাইত মঙলবাৰে নিশাৰ ভাগত সংঘটিত হয় এক লোমহৰ্ষক পথ দুৰ্ঘটনা । এই ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয়। আন এজন গুৰুতৰভাৱে আহত হয়। মহিলা গৰাকীক নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰিছে প্ৰশাসনে।
এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ (খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা) এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়াত সৰুসজাইত দুৰ্ঘটনাটো সংঘটিত হয়।
উল্লেখ্য যে, প্ৰাণ হেৰুওৱা মহিলা গৰাকীৰ মূৰটো ছিন্ন হৈ ৰাষ্ট্ৰীয় ঘাইপথতে পৰি ৰৈছিল।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে। লগতে আঘাতপ্ৰাপ্ত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।