যোৰহাটৰ অনিমেষ হত্যাকাৰী ক’লা গুণ্ডাৰ মৃত্যু

অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাৰ যোৱা নিশা মৃত্যু ঘটিছে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে মৃত্যু হৈছে নীৰজ দাস ওৰফে ক’লা গুণ্ডাৰ ৷ মঙলবাৰৰ নিশা পুলিচৰ গাড়ীৰ পৰা জাঁপ মাৰি পলায়ন কৰাৰ চেষ্টা চলাইছিল অনিমেষ হত্যাত মুখ্য ভুমিকা লোৱা ক’লাই ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই পিছে পিছে অহা পুলিছৰ আন এখন গাড়ীয়ে খুন্দা মাৰে ক’লা ল’ৰা ওৰফে নীৰজ দাসক। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হয় যদিও হাস্পতালত ক’লাক মৃত বা ‘BROUGHT DEAD’ ঘোষণা কৰে চিকিৎসকে। দুৰ্ঘটনাটোত তিনিজন পুলিচ বিষয়াও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

Comments (0)
Add Comment