Daily Time Axom

শিলচৰ মেহেৰপুৰ পেট্ৰ’ল পাম্পত পুনৰ লাগিল অসমীয়া পোষ্টাৰ, লগত থাকিল বঙালী পোষ্টাৰ

0 9

প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বাংলা আৰু অসমীয়া দুয়োটা ভাষাৰে পোষ্টাৰ লগোৱা হ’ল শিলচৰ মেহেৰপুৰ পেট্ৰ’ল পাম্পটোত৷
উক্ত পেট্ৰ’ল পাম্পত থকা অসমীয়া ভাষাৰ পোষ্টাৰ আঁতৰাই দিয়া হৈছিল প্ৰদীপ দত্ত ৰয়ৰ সকীয়নিৰ পাছতে ৷ ৰয়ক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে পেট্ৰ’ল পাম্পটো পুনৰ লগোৱা হয় নতুন পোষ্টাৰখন ৷

উল্লেখ্য যে,BDF নেতা প্ৰদীপ দত্ত ৰয়ে প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত ক’ভিড ভেকচিনৰ বাৰ্তা সম্পৰ্কীয় অসমীয়া ভাষাৰ হৰ্ডিঙখন আঁতৰাবলৈ ৪৮ ঘন্টাৰ চূড়ান্ত সময়সীমা বান্ধি দিছিল । উক্ত ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ জোকাৰণিৰ। উল্লেখ্য যে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ জেৰাত BDFৰ মুৰব্বী প্ৰদীপ দত্ত ৰয় শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.