পথ দুৰ্ঘটনাত মৃত্যৰ ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ যান-বাহন আইনক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ । আগন্তুক ৩১ ডিচেম্বৰক লৈ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব দিছে । মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৷
- “৩১ ডিচেম্বৰত মটৰ চাইকেল দুৰ্ঘটনাত যাতে এটা ল’ৰাৰো মৃত্যু নহয় এইবাৰ মই পণ লৈছো। মানুহক মৰিম দিব নোৱাৰি।”
- ৩১ ডিচেম্বৰত কোনো লোকে ৬০ কিলোমিটাৰৰ অধিক বেগত গাড়ী চলাব নোৱাৰিব।”
- “৩১ ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰা সমগ্ৰ অসমত পুৱাৰে পৰা আৰক্ষী ওলাব ৷”
- “বাইক আৰোহী দুয়োজনে সদায় হেলমেট পৰিধান কৰিবই লাগিব ।“