চ্যুকাফা দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত শ্ৰদ্ধাঞ্জলি
আজি অসম দিৱস বা চ্যুকাফা দিৱস ৷ এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং চ্যুকাফাদেৱক ভক্তি ও শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। নতুন দিল্লীস্থিত অসম হাউছত বৃহত্তৰ অসমীয়া জাতিৰ যুগপুৰুষ স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফাৰ প্ৰতিচ্ছবিত সেৱা জনাই মহান মনীষীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। স্বৰ্গদেউ ছ্যু-কাফাৰ মহানতা তথা আদৰ্শ অসমবাসীৰ ধমনীত চিৰ প্ৰৱহমান হৈ থাকিব। ”
ইতিহাসৰ আজিৰ দিনটোতে ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণ (ইংৰাজী ২ ডিচেম্বৰ ) চ্যুকাফাই পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰি বৰ অসম গঢ় দিছিল। সমাজ কৰ্মী ভীমকান্ত বুঢ়াগোঁহাইৰ একান্ত প্ৰচেষ্টা ১৯৭২ চনত চ্যুকাফা দিৱস উদযাপন কৰে। পাছলৈ বহু সংগঠন ও ৰাইজৰ সহযোগত চৰকাৰী ভাৱে ১৯৮৭ চনত জৰ্জ খেলপথাৰত চ্যুকাফা দিৱস পালন কৰা হয়। চ্যুকাফাৰ জন্মঃ১১৮৯(জন্মস্থান- মঙ মাও), মৃত্যু – ১২৬৮ চৰাইদেউ ৷
আহক, আজি তেওঁৰ আদৰ্শৰে বৰ অসম আকৌ গঢ় দিও।