Daily Time Axom

জাগুনত আলফা (স্বাধীন) সদস্য আটক

0 9

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনৰ পৰা অসম ৰাইফলছৰ সৈন্যই এজন আলফা (স্বাধীন) কেডাৰক আটক কৰিছে। গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীজন গিৰিন্দ্ৰ চেতিয়া ওৰফে পবিত্ৰ অসম বুলি চিনাক্ত কৰা হৈছে। সীমান্তৰ জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত এক অভিযানৰ সময়ত কেডাৰজনক আটক কৰে। চেতিয়া তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত জংগনী গাঁৱৰ বাসিন্দা। তেওঁৰ পৰা এটা ৯ এমএম পিষ্টল আৰু তিনি ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।
অসম ৰাইফলছৰ সৈন্যই আটকাধীন আলফা (স্বাধীন) কেডাৰজনক আৰক্ষীৰ হাতত গতাই দিছে।

Leave A Reply

Your email address will not be published.