Daily Time Axom

বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ অসম চৰকাৰৰ সৰ্বোচ্ছ সন্মান ‘অসম বৈভৱ’

0 8

উদ্যোগপতি তথা বিশাল ব্যক্তিত্বৰ অধিকাৰী ৰতন টাটালৈ অসমৰ চৰকাৰৰ বিশেষ সন্মান “অসম বৈভৱ” । আজি ২ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে সেই সন্মান প্ৰদানৰ কথা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই বিষয়ে জনাই কয় যে, অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ ৰতন টাটাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অসমত কৰ্কট ৰোগৰ চিকিৎসা সেৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰতন টাটালৈ আগবঢ়োৱা হ’ব এই সন্মান।

নতুন দিল্লীত এই বিষয়ে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অসম বৈভৱ বঁটা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান।

Leave A Reply

Your email address will not be published.