Daily Time Axom

সন্তান প্ৰাপ্তবয়স্ক নোহোৱালৈকে পিতৃয়েই দায়িত্ব ল’ব লাগিব সন্তানৰ ৷ উচ্ছতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷

0 11

শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে তেওঁক সহায় কৰাটো পিতৃৰ দায়িত্ব। উচ্চতম ন্যায়ালয়ে স্বামী আৰু পত্নী বিবাদ সম্পৰ্কীয় এটা গোচৰত এই গুৰুত্বপূৰ্ণ ৰায় দিছে। ন্যায়াধীশ এম এ শ্বাহ আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে কয় যে স্বামী আৰু পত্নী পৃথক হ’লেও শিশুটোৰ ভৱিষ্যত অনিশ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈকে এই ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে ।

এজন ভাৰতীয় সেনা বিষয়া আৰু তেওঁৰ পত্নীৰ পৃথকীকৰণৰ পিছত শিশুটোৰ দায়িত্বক লৈ অনিশ্চয়তা আছিল। সেনা বিষয়াজন ২০০৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বৈবাহিক বিবাদৰ বাবে তেওঁলোকে ২০১১ চনৰ পৰা পৃথকে বাস কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত আইনীভাবে বিবাহ বিচ্ছেদ হৈছিল। পিতৃক পাৰিবাৰিক আদালত আৰু উচ্চ ন্যায়ালয়ে ধাৰা ১৪২ প্ৰয়োগ কৰি বিবাহ বিচ্ছেদৰ পিছত নিৰ্দেশত শিশুটোৰ তত্বাৱধানৰ বাবে মাহে ৫০,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।

২০১৯ চনত, সেনা বিষয়াজনে হঠাতে শিশুটোৰ ৰক্ষণাবেক্ষণৰ বাবে পৰিশোধ কৰা বন্ধ কৰে। পত্নীয়ে প্ৰতিবাদত আদালতৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে অভিযুক্তক শিশুটোৰ তত্বাৱধানৰ ব্যয় পৰিশোধ কৰিবলৈ নিৰ্দেশ দি ধাৰা ১৪২ (প্ৰকৃত ন্যায়ৰ অধিকাৰ) আৰোপ কৰিছে। ন্যায়ালয়ে কৈছিল যে শিশুটোৰ দেউতাকৰ দৰে একে জীৱন যাপন কৰাৰ অধিকাৰ আছে। আৰু সেইটো দেউতাকেই নিশ্চিত কৰিব লাগিব।

Leave A Reply

Your email address will not be published.