Daily Time Axom

আপুনি জোৰকৈ মোক যৌন উৎপীড়ন চলাইছে– এগৰাকী খেলুৱৈৰ মন্তব্যত আলোড়ন বিশ্ব ক্ৰীড়াজগত

0 10

বিশ্বৰ আগশাৰীৰ টেনিছ খেল জগতৰ এগৰাকী তাৰকা খেলুৱৈৰ এটা মন্তব্যই জোকাৰণি তুলিছে বিশ্ব ক্ৰীড়া জগতত। চীনৰ উপ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন খেলুৱৈ গৰাকীয়ে তৰিছে যৌন নিৰ্যাতনৰ গোচৰ। টেনিছ তাৰকা খেলুৱৈ পেং ছুৱাই (Peng Shuai)য়ে চীনৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী ঝাং গাৱ’লী(Zhang Gaoli)ৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে । তেওঁ কৈছে, “মোৰ কেৰিয়াৰ বৰবাদ হলেওঁ হওক , সঁচা কমেই, ঝাং গাৱ’লীয়ে মোৰ ওপৰত বলপূৰ্বক যৌন উৎপীড়ন চলাইছে ।”

পূৰ্বেও খেলুৱৈ গৰাকীয়ে এনে অভিযোগ উত্থাপন কৰিছিল যদিও অভিযোগ উত্থাপনৰ পিছতে আচৰিত ভাবে অন্তৰ্ধান হৈ পৰিছিল। কিন্তু পুনৰ খেলুৱৈ গৰাকীৰ এক ভিডিঅ’ই খলকনি তুলিছে। ।
ফলত বিশ্ব মহিলা টেনিছ সন্থাই লৈছে বিশেষ সিদ্ধান্ত। ৩৫ বৰ্ষীয় পেংগ ছুৱাইৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চীনত আয়োজিত হ’ব লগা সকলো প্ৰকাৰৰ টুৰ্নামেণ্ট বাতিল কৰিছে।

Leave A Reply

Your email address will not be published.