গোৱালপাৰাত ২ খন গাড়ীৰ মুখামুখি সংঘৰ্ষত ৫ জন নিহত

বৃহস্পতিবাৰে নিশা গোৱালপাৰা জিলাৰ বলবলাৰ গোধাৰবডী অঞ্চলত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত পাঁচজন লোক ঘটনাস্থলীতে নিহত হয়। জানিব পৰা মতে, এএছ ০১ ডিইউ ১৪২৬ নম্বৰৰ এখন হুণ্ডাই ইয়ন আৰু চুইফ্ট ডিজিয়েৰে এএছ ২৩ ৬৫০১ নম্বৰৰ গাড়ীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয়।
পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত এম্বুলেন্স সহ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ পূৰ্বে ৰংজুলি অঞ্চলত সংঘটিত আন এক গোৱালপাৰা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয় আৰু ৩০ জন গুৰুতৰভাৱে আহত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰী কঢ়িয়াই নিয়া এখন বাহনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। পিছত মৃত দুজনক হাবিবুৰ ৰহমান আৰু মাটিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছিল আৰু আন আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অসমৰ বিভিন্ন জিলাত একেধৰণৰ বহুতো পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

Comments (0)
Add Comment