অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়াইছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত ঘোষণা কৰিছে। সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই বিষয়ে জানিবলৈ দিছে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব জুবিন গাৰ্গক। জনা মতে, গুৱাহাটীতে শিল্পীগৰাকীক প্ৰদান কৰিব এই বঁটা।