১২ দেশৰ পৰা একে জাপে ৩০ দেশলৈ বিয়পিল বিপদজনক ওমিক্রন

দুদিন আগতে, ১২ খন দেশ ওমিক্রন সংক্ৰমণৰ তালিকাত আছিল। আজি প্ৰকাশিত এক নতুন তালিকা অনুসৰি, কৰোনাৰ নতুন বিপদজনক এই ঢৌৱে কমেও ৩০ খন দেশত প্ৰৱেশ কৰিলে। ইয়াত ভাৰতৰ নামো অন্তৰ্ভুক্ত আছে। ওমিক্রন প্ৰথমে আফ্ৰিকাত চিনাক্ত কৰা হৈছিল । পৰিস্থিতিটো পৰ্যালোচনা কৰি, ইউৰোপীয় ৰোগ-প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই (ইচিডিচি) কৈছিল যে ওমিক্রন যি গতিত বিয়পি আছে সেয়া অতি সোনকালেই ডেল্টা প্ৰজাতিৰ ভাইৰাচক আঁতৰাই বিশ্বৰ ‘প্ৰভাৱশালী’ বা মুখ্য সংক্ৰামক চাপ হ’বগৈ।

Comments (0)
Add Comment