৫২ বছৰত ১২ বাৰ বিয়াত বহিল এই গৰাকী মহিলাই

অতি কম বয়সতে বিয়া কৰাটো ভাৰতত এতিয়া ডাঙৰ কথা। কিন্তু আমেৰিকাত কোনো সমস্যা নাই। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা মনেটেও এনে এক সিদ্ধান্ত লৈছিল। তেওঁ এতিয়া ৫২ বছৰ বয়সত পুনৰ বিবাহ পাশত আৱদ্ধ হৈছে। পূৰ্বে ১১ জনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এইবাৰ তেওঁৰ হৈছে বিবাহ নম্বৰ ১২।
উচ্চ বিদ্যালয় শেষ কৰিয়েই মনেটে প্ৰথমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল।

সকলো কথা মনেটে নিজেই বৰ্ণনা কৰিছে। তেওঁ কৈছিল যে তেওঁ উচ্চ বিদ্যালয়ত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁৰ ভায়েকৰ এজন বন্ধুক বিয়া কৰাইছিল। তেতিয়াৰ পৰা তেওঁ ১১ জন লোকক বিয়া কৰাইছে। কাৰণ তেওঁৰ কোনো বিবাহ বেছি দিন স্থায়ী হোৱা নাছিল। এইবাৰ দ্বাদশ বিবাহৰ বাবে প্ৰস্তুতি চলাই আছে।
তেওঁৰ বয়স বৰ্তমান ৫২ বছৰ। এতিয়ালৈকে ২৮ জন লোকে তেওঁক প্ৰেম আগবঢ়াইছে। মনেটৰ ভাবী স্বামীৰ বয়স বৰ্তমান ৫৭ বছৰ। নাম জন। মনেট যোৱা দুবছৰ ধৰি জনৰ প্ৰেমত আছে। আপুনি জানি আচৰিত হ’ব যে মনেটে জনক আগতেও দুবাৰ বিয়া কৰাইছিল। এয়া তৃতীয়বাৰৰ বাবে তেওঁলোকে বিয়াৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু মনেটৰ পঞ্চম স্বামী সকলোৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিল। কিন্তু ষষ্ঠ স্বামীও বেয়া নাছিল বুলি প্ৰকাশ কৰিছে । তেওঁৰ অষ্টম স্বামীক অনলাইনত লগ পাইছিল আৰু দশম স্বামীক স্কুলৰ পৰা চিনি পাই বুলি মনেটে সকলোকে জনায়।

Comments (0)
Add Comment