অসম পাবহি নেকি “জাৱাদ”! হ’ব নেকি ধাৰাসাৰ বৰষুণ আৰু পৰিব নেকি প্ৰচণ্ড ঠাণ্ডা ?
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো “জাৱাদ” ধুমুহাৰ প্ৰভাৱ পৰিবনেকি! ধাৰাসাৰ বৰষুণে অসমলৈয়ো লৈ আনিব নেকি প্ৰচণ্ড ঠাণ্ডা ?
২৫ কিলোমিটাৰ গতিবেগত বংগোপ সাগৰ (Bay of Bengal)ত উৎপত্তি হোৱা “জাৱাদ” ধুমুহাৰ প্ৰভাৱ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰিব। ৪ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ এই আগলি বতৰা দিছে।
“জাৱাদ” সাগৰীয় ধুমুহাৰ ফলত ইতিমধ্যে ওড়িশা, অন্ধপ্ৰদেশৰ বিভিন্ন অঞ্চলত বৰষুণ দিয়া আৰম্ভ হৈছে।
এই সাগৰীয় ধুমুহাৰ বাবে আগতীয়া সতৰ্কতা হিচাবে দক্ষিণৰ কেইবাখনো চহৰৰ পৰা উত্তৰ-পূৱৰ ৰাজ্যকেইখনলৈ ৰে’ল যাতায়ত সাময়িকভাৱে বাতিল কৰা হৈছে৷