গাওঁবুঢ়া নিযুক্তি কেলেংকাৰী ! মানকাছাৰৰ দুই চক্ৰ বিষয়াক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত ৭০টা গাওঁবুঢ়া পদ আৰু দক্ষিণ শালমাৰাত ২৪টা পদত গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰ কিছুদিন পূৰ্বে
অভিযোগৰ ভিত্তিত জিলাখনত তদন্ত আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে আজি তদন্তৰ অন্তত তদানীন্তন মানকাছাৰৰ দুই চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে । মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে কেইবা ঘণ্টা ধৰি জেৰা কৰাৰ পিছত দুয়োকে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, গাওঁবুঢ়া নিযুক্তি কেলেংকাৰী সময়ত মানকাছাৰৰ চক্ৰ বিষয়া হৈ আছিল দুয়ো। আনহাতে, গ্ৰেপ্তাৰ হোৱা বিক্ৰম আদিত্য বৰা বৰ্তমান BTCৰ অতিৰিক্ত উপায়ুক্ত। আনহাতে ইলিয়াছ আহমেদ বৰ্তমান গুৱাহাটীৰ পৰিবহণ বিভাগৰ উপ সচিব। গাঁও বুঢ়া নিযুক্তি বৰ্ডত এই দুজনৰ লগতে আতিকা চুলতানা আৰু ছাইবুৰ ৰহমান আছিল সদস্য।

উল্লেখ্য যে, তদানীন্তন ADC ছাইবৰ ৰহমান আৰু তদানীন্তন উপায়ুক্ত আতিকা চুলতানাই প্ৰতিটো গাওঁবুঢ়া পদৰ বাবে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ কৰিছিল বঞ্চিত প্ৰাৰ্থীসকলে। কিছুদিন পূৰ্বে আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত ছাইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছিল।

Comments (0)
Add Comment