Daily Time Axom

পাকিস্তানত শ্ৰীলংকান নাগৰিকক হত্যা কৰি জ্বলালে ৰাজপথত

0 11

পাকিশ্তানৰ এক ভয়ংকৰ ঘটনা ৷
শুকুৰবাৰে শিয়ালকোটৰ ৱাজিৰাবাদ ৰোডত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে কাৰখানাটোৰ ৰপ্তানি ব্যৱস্থাপক, এজন শ্ৰীলংকাৰ নাগৰিকক আক্ৰমণ কৰি হত্যা কৰে ৷ পিছত তেওঁৰ মৃতদেহ জ্বলাই দিলে ৰাস্তাত। জংগী লোকসকলক নিয়ন্ত্ৰণত ৰাখিবলৈ এক বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰে ৷ শিয়ালকোট জিলা আৰক্ষী বিষয়াই জনোৱা অনুসৰি ব্যক্তিজনৰ নাম প্ৰিয়ন্ত কুমাৰা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোৰ কাৰণ এতিয়াও কৰ্তৃপক্ষৰ দ্বাৰা জনোৱা হোৱা নাই। ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ অনুসৰি শ শ পুৰুষ আৰু ডেকা ল’ৰা ঘটনাস্থলীত একত্ৰিত হৈছিল, “লাব্বাইক য়া ৰছুল আল্লা” শ্ল’গান দিছিল আৰু ব্যক্তিজনক আক্ৰমণ কৰিছিল।

Leave A Reply

Your email address will not be published.