Daily Time Axom

১,১০৫জন প্ৰাক্তন এন ডি এফ বি কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট প্ৰমাণ পত্ৰ হস্তান্তৰ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 12

উগ্ৰবাদৰ পৰা স্থায়ী শান্তিৰ দিশে আৰু এখোজ ৷ ২৭ জানুৱাৰী, ২০২০ত স্বাক্ষৰিত বড়ো চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ আছিল এন ডি এফ বি কেডাৰসকলৰ পুনৰ্সংস্থাপন ৷ সেই অনুসৰি দেওবাৰে উগ্ৰপন্থা ত্যাগ কৰি মূলসূঁতিলৈ উভতি অহা এন ডি এফ বিৰ বিভিন্ন গোটৰ ১,১০৫জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট প্ৰমাণ পত্ৰ ৰাজ্য চৰকাৰে হস্তান্তৰ কৰে । বাক্সাৰ তামোলপুৰত দেওবাৰে এক অনুষ্ঠানত এই ধন হস্তান্তৰৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৷ লাভ কৰা ধনৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যত এক অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টাত সহায় কৰিবলৈ প্ৰাক্তন এন ডি এফ বি সকলক অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে ৷ লগতে ৰাজ্যখনত এক আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক সবলীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈও আহ্বান জনায় তেঁও । অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আদিয়েও অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.