অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ এছ অ’ পি ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
দক্ষিণ আফ্ৰিকাৰ পৰা বিশ্বৰ প্ৰায় ৩০খন দেশত ব্যাপক হাৰত সংক্ৰমণ ধৰা পৰা ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনক লৈ সতৰ্ক হৈছে ৰাজ্য চৰকাৰ ৷ অসমত ক’ভিড সম্পৰ্কীয় এছঅ’পি জাৰি কৰিছে ৰাজ্য চৰকাৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা এই নতুন এছ অ’ পি ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে-
○ অমিক্ৰন সম্পৰ্কীয় এই এছ অ’ পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টিনত থাকিব লাগিব।
○ ক’ভিড প’জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব।
○বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক’ভিডৰ আৰ টি পিচিআৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে। বিমানবন্দৰত এই ক’ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ’ব। অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব।
** নতুন এছ অ’ পি-খনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হৈছে:-
○১/ অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত স্বঘোষণা পত্ৰ দাখিল কৰিব লাগিব ৷ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড আৰ টি পি চি আৰ পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব। তদুপৰি, আৰ টি পি চি আৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণা আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব।
○২/ বিমানত উঠাৰ পূৰ্বেই এয়াৰসুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্বঘোষণা দাখিল কৰিব লাগিব।
○৩/ ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব।
○৪/ বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব।
○৫/ বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।