Daily Time Axom

এ পিএছ চি পৰীক্ষাত বড়ো ভাষাত লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে

0 12

অসমৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ জাতীয় স্বাভিমানে আৰু এঢাপ স্বীকৃতি পোৱাৰ দিশে ৷ অচিৰেই হয়তো বড়ো ভাষাতো এ পি এছ চিৰ পৰীক্ষাত লিখিব পাৰিব পৰীক্ষাৰ্থী সকলে ৷ এই বিষয়ত চিন্তা-চৰ্চা কৰি থকাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ৷ দেওবাৰে তামোলপুৰত প্ৰাক্তন এন ডি এফ বিক সংস্থাপনাৰ্থে ধন হস্তান্তৰ কাৰ্যসূচী আৰম্ভ কৰি এই গুৰুত্ব পূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে,
“আমাৰ চৰকাৰ বি টি আৰত বাস কৰা লোকসকলৰ আশা-আকাংক্ষা পূৰণত দৃঢ়প্ৰতিজ্ঞ। বড়ো ভাষা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি হিচাপে, চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এ পি এছ চি পৰীক্ষাত বড়ো ভাষাত লিখাৰ অনুমতি দিয়াৰ কথাও চিন্তা কৰা হৈছে।”

Leave A Reply

Your email address will not be published.