Daily Time Axom

গোৱালপাৰাত মৌ মাখিৰে খেদিব বনৰীয়া হাতী

0 8

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে গোৱালপাৰা বন বিভাগৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে জিলাখনত ৰূপায়ণ কৰিছে এক অভিনৱ পদক্ষেপ ৷ মৌ মাখিৰ সহযোগত জনাঞ্চলৰ পৰা খেদিব বনৰীয়া হাতী ৷

ইতিমধ্যেই আয়োগে মৰনৈ আৰু দহিকটা অঞ্চলৰ বাবে বিনামূলীয়াকৈ মৌৰ বাঁহ সমূহ যোগান ধৰিছে ৷ হাতীয়ে মৌ বাঁহ নষ্ট কৰিলে পুনৰায় আয়েগে যোগান ধৰিব বুলিও জনাইছে ।গোৱালপাৰা জিলাত এই আঁচনিখনে ভাল ফল দেখুৱালে সমগ্ৰ অসমতে এই মৌ-মাখিৰে হাতী-মানুহৰ সংঘাত ৰোধৰ স্থায়ী সমাধানৰ বাবে আগবাঢ়িব খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ৷
“ৰি-হেব” আঁচনিৰ জৰিয়তে দক্ষিণ ভাৰতত যথেষ্ট সু-ফল পোৱা গৈছে বুলি জানিব পৰা গৈছে । ’দ্যা ৰি-হেব’ৰ বিষয়াই জনোৱা মতে হাতীয়ে উপদ্ৰৱ চলোৱা ঠাইত মৌ বাঁহ স্থাপন কৰা ফলত সেই ঠাইলৈ বনৰীয়া হাতী যোৱাটো প্ৰায় ৮০% কমিছে ৷

Leave A Reply

Your email address will not be published.