প্ৰতিবাদৰ জুই জ্বলিছে নগালেণ্ডত ৷ নিৰাপত্তাৰক্ষীৰ গুলীত ১১ জন লোক নিহত, মুখ্যমন্ত্ৰীৰ এছ আই টিক তদন্তৰ নিৰ্দেশ
উতপ্ত হৈ আছে নগালেণ্ড ৷ ৰাজ্যখনত সশস্ত্ৰ বাহিনীৰ জোৱানে ১৩ জন সাধাৰণ লোকক হত্যা কৰাৰ পিছত দেওবাৰে নাগালেণ্ডত উত্তেজিত হয় ৰাইজ। ঘটনাটো মন জিলাৰ তিৰু গাঁৱত সংঘটিত হৈছিল। সুৰক্ষা বাহিনীয়ে মৃত লোকসকলক সন্দেহযুক্ত এনএছচিএন উগ্ৰপন্থী বুলি ভুল কৰি হত্যা কৰিছিল । প্ৰতিবেদন অনুসৰি, নিৰাপত্তা বাহিনীয়ে ভুক্তভোগীসকলক এনএছচিএন সদস্য বুলি ভুল কৰিছিল আৰু তেওঁলোকক আক্ৰমণ কৰিছিল।
ইয়াৰ পিছতে জিলাখনত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। ঘটনাটোৰ পিছতে, স্থানীয় ৰাইজে ঘটনাটোত নিহত সকলক নিৰ্দোষী বুলি দাবী জনাই প্ৰতিবাদ আৰম্ভ কৰিছে। স্থানীয় লোকসকলৰ মতে, তেওঁলোক ওচৰৰ কয়লা খনিৰ পৰা ঘৰলৈ উভতি আহি আছিল। এই ঘটনাক গৰিহণা দি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই এছআইটি তদন্তৰ নিৰ্দেশ দিছে।
