বিটিচিত ৩০/৪০ শতাংশ কমিচনৰাজ ! কাৰ্যবাহী সদস্যৰ বিৰোধীক প্ৰত্যাহ্বান ৷
বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰিষদীয় চৰকাৰখনে বিটিচিত যিকোনো কামৰ বাবদ ৩০/৪০ শতাংশ কমিচন লোৱা বুলি স্বাযত্ত্ব শাসিত অঞ্চলটোৰ বিৰোধী দলে দাবী কৰিছে ৷
এক বিৰ্তকিত অভিযোগক প্ৰমাণ সহকাৰে দাঙি ধৰিবলৈ প্ৰত্যাহ্বান জনাইছে বিটিচি প্ৰশাসনৰ দায়িত্বত থকা অন্যতম মুখপাত্ৰ তথা কাৰ্যবাহী সদস্য উইলচন হাসদাই ৷
কোকৰাঝাৰ চহৰৰ বিটিচি সচিবালয়ত শনিবাৰে সন্ধিয়া এক সংবাদমেলযোগে বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাচদাই বিটিচিত প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰখনৰ কোনো জনপ্ৰতিনিধি আৰু বিষয়াই যদি ৩০ বা ৪০ শতাংশ কমিচনৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ যদি আছে তেন্তে আমাক দেখুওৱাই দিয়ক বুলি প্ৰত্যাহ্বান জনাইছে ৷
