জুই জ্বলিছে নাগালেণ্ডত ৷ গণহত্যাক লৈ সেনাৰ বিবৃতি ৷ নিজা ববীয়া গোচৰ নগা আৰক্ষীৰ ৷ ব্যাঘাত জন্মিব নেকি নগা শান্তি চুক্তি প্ৰক্ৰিয়াত ?

মন জিলাত ১৪জন সাধাৰণ লোকক সেনাই হত্যা কৰা ঘটনাই জুই জ্বলাইছে নাগালেণ্ডত ৷ সেনাই শনিবাৰে চলোৱা হত্যালীলাৰ প্ৰতিবাদত সোমবাৰেও উত্তাল হৈছে ৰাজ্যখন ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সেনাৰ এই হত্যাকাণ্ডক নিন্দা কৰিছে ৷ লগতে AFSPA আইনখনক ক’লা আইন বুলি আখ্যা দি সেনাই ভুল কৰিছে বুলি মন্তব্য কৰিছে দুয়োজন মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে, অসম ৰাইফলছে নাগালেণ্ডত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত এক বিবৃতি দিছে। বিবৃতিটোত কোৱা হৈছে যে বাহিনীটো ঘটনাটোৰ বাবে “গভীৰভাৱে অনুতপ্ত”। শনিবাৰে সন্ধিয়া বাহিনীটোৰ গুলীচালনাত কমেও ১৪ জন গাওঁবাসী নিহত হৈছিল। ইয়াৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, লগতে এইটোও কোৱা হৈছে যে তদন্তৰ ভিত্তিত অপৰাধীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।

ইফালে সেনাৰ এই গৰ্হিত কাণ্ডৰ বিৰুদ্ধে নাগালেণ্ড আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ মন কৰিবলগীযা যে সুদীৰ্ঘকালৰ আলোচনাৰ পিছত কিছু গতি লাভ কৰা নগা শান্তি চুক্তি প্ৰক্ৰিয়াত সেনাৰ এই কাণ্ডই ব্যঘাত জন্মাবও পাৰে বুলি আশংকা কৰা হৈছে ।

Comments (0)
Add Comment