জালনোট ছপোৱা যন্ত্ৰসহ বৃহৎ জালনোট জব্দ ৷
বিশ্বনাথত জাল নোট ছপোৱা যন্ত্ৰসহ চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এক গোপন তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে জিনজিয়া এৰাগাঁৱৰ মতিবুৰ ৰহমানৰ কুঁহিয়াবাৰীৰ ঘৰত অভিযান চলাই এটা নকল টকা প্ৰিণ্টিং মেচিন, নকল ৫০০ টকাৰ নোটৰ কাগজৰ দুটা পেকেট, এশ টকীয়া নোটৰ তিনিটা বাণ্ডিল জব্দ কৰে ৷ লগতে নকল সোণেৰে নিৰ্মিত যীচু খ্ৰীষ্টৰ মুৰ্তি আৰু দুটা ম’বাইল হেণ্ডছেট জব্দ কৰে আৰক্ষীয়ে ।
এই কাণ্ডৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ অহা অভিযুক্ত ৰাছিদা বেগম(৩০) আৰু জাকিৰ হুছেইন(৪৬) নামৰ দুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
