Daily Time Axom

বঙাইগাঁও জিলাৰ মাণিকপুৰ ঘাইপথত দুপৰীয়া ভয়াবহ পথ দুৰ্ঘটনা

0 7

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। পাতিলাদহাৰ পৰা বিজনী অভিমুখে যাত্ৰীবাহী টেম্পু গৈ থকাৰ সময়তে পিছফালৰ পৰা তীব্ৰবেগী TIAGO বাহনে টেম্পুখনক খুন্দিয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। নম্বৰপ্লেটবিহীন চাৰিচকীয়া বাহনৰ খুন্দাত টেম্পুখন ৰাজপথত ওলটি খাই পৰে। ফলত টেম্পুত থকা শিশুসহ ৮জন লোক গুৰুতৰভাৱে আহত হয়। আহত সকলক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিওও দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। টেম্পুখনৰ নম্বৰ AS 19 C 9713.

Leave A Reply

Your email address will not be published.